Insane
K.Kallol 2014

মুখ্য পৃষ্ঠা

এজন অকবি, এটা মৰাশ
আৰু ডেৰকুৰি কবিতা
(গল্পৰ দৰে !)
=============

এসময়ত কাকত-আলোচনী আদিত মাজে মাজে কবিতা লিখিছিলোঁ । এতিয়া নিলিখোঁ । কবিতা লিখোঁ বুলি কোনেও নিলিখে চাগে ! ময়ো । কবিতাই মোৰ হৃদয়ত ছবি আঁকে । মই মাথোঁ তাক লিখি যাওঁ ।

এজনী ছোৱালী । কবি হ'বৰ মন । কিন্তু কবিতা নিলিখে । হয়তো কবিতাই তাইৰ হৃদয়ত ছবি নাআঁকে । কিন্তু কবিতা পঢ়ে । কবিতাৰ উন্মাদ পাঠক । ময়ো, ময়ো ভালপাওঁ আনৰ কবিতা । নিজেও লিখোঁ, কিন্তু কবি হোৱাৰ উন্মাদ বাসনা মোৰ নাই ।

তাইৰ দেউতাকৰ অজস্ৰ সম্পত্তি আছে । সেই টকাৰে কিনিব বিচাৰে কবিতাৰ ভাষা । এদিন তাইৰ দেউতাকে মোলৈ ফোন কৰিলে ।

- হেল্লো
- হেল্লো কোনে কৈছে ?
- মই অৰিন্দম বৰুৱা ।
- আপোনাক মই চিনি নাপালোঁ ।
- ৰিমলী বৰুৱাক চিনি পোৱা নে ?
- অ' অ' এদিন চিৰিয়াখানাত লগ পাইছিলোঁ ।
- মই তাইৰ পাপা । তোমাৰ লগত মোৰ অলপ ব্যক্তিগত কথা আছে ।
- হয়, কওঁকচোন ।
- ফোনত ইমান কথা পাতিব পৰা নাযাব । কালি তুমি দুপৰীয়া
২ বজাত কলাক্ষেত্ৰৰ সমুখত ৰৈ থাকিবা । ৰিমলীয়ে তোমাক লৈ আহিব ।
- ঠিক আছে বাৰু । (একো নভবাকৈয়ে কৈ দিলোঁ ।)

আচলতে এতিয়া আৰু মোৰ গল্প লিখিবলৈ ধৰ্য নাই । সেয়ে কিবা লিখিলেও যিমান পাৰোঁ চুটি কৰিবলৈ চেষ্টা কৰোঁ । তাৰ পিছত ৰিমলীয়ে কি ক'লে, তাইৰ লগত যাওঁতে বাটট কি কি কথা পাতিলো এইবোৰ আৰু নকওঁ । ৰিমলীহঁতৰ ঘৰলৈ গৈ পালোঁ । বৃহৎ অট্টালিকা । মোৰ চৈধ্য পুৰুষেও চাগে তেনে ঘৰত ভৰি থৈ পোৱা নাই । তাৰ মানে তাইৰ দেউতাকে ডাঙৰ চাকৰী বা ব্যৱসায় কৰে । আৰে ভাই কি কৰে কৰক না, ইমান কথা মোক কিয় লাগে ! সেয়ে ৰিমলীক তাইৰ দেউতাকৰ উপাৰ্জনৰ পথৰ বিষয়ে নুসুধিলোঁ । তাৰ পিছত সিহঁতৰ ঘৰত দুপৰীয়াৰ আহাৰ খালোঁ । কি কি খালোঁ সেই বিষয়ে জানিব বিচাৰে নেকি ? কমেণ্ট কৰিও লাভ নাই । কি কি খালোঁ সেয়া আৰু কৈ থকাৰ সময় মোৰ নাই । (সেই বিলাক খাদ্যৰ নাম জানিলেহে ক'ম ! :-P) ।

ৰিমলী, তুমি যোৱাগৈ, চিনেমা এখনকে চা । তাইৰ দেউতাকে তেনেকৈ কৈ তাই ড্ৰযিং ৰূমৰ পৰা পঠিয়ালে ।

- আচলতে কথাটো হ'ল মোৰ ছোৱালীজনীয়ে কবি হ'ব বিচাৰে । কিন্তু কবিতা লিখিব নাজানে । মই ভাবিছোঁ তাইৰ নামত এখন কবিতা পুথি ছপোৱাৰ কথা । এইক্ষেত্ৰত তুমি সহায় কৰিব পাৰা । আৰু তাই মোৰ একমাত্ৰ ছোৱালী, ল'ৰাও নাই ....

তেওঁৰ কথা শেষ নহওঁতেই মই কলোঁ "এইক্ষত্ৰত মইনো কিদৰে সহায় কৰিম ...."
মোৰ কথা শেষ নহওঁতেই তাইৰ দেউতাকে ক'লে
"মানে তুমি কেইটামান কবিতা লিখি দিব লাগে, আগতে কতো তোমাৰ নামত প্ৰকাশ নহোৱা কবিতা । তাৰ বাবে যিমান টকা লাগে মই দিম ।
- চাওক মহাশয়, কবিতা লিখিম বুলি লিখিব পৰা বস্তু নহয় আৰু এয়া উৎপাদন কৰি বজাৰত বিক্ৰী কৰা বস্তুও নহয় ।
- তুমি কাকত আলচোনীত লিখিনো কেইটকা পোৱা ?
মই তাতকৈ বহু বেছি টকা দিম । ৩০টা কবিতাৰ বাবদ ৩০ হাজাৰ টকা দিম ।
- আচলতে মই কবিতা বিক্ৰী নকৰোঁ আৰু কোনেও চাগে নকৰে !
- টকা পালে মানুহে কি নকৰে । যোৱা বছৰ মোৰ বন্ধু দিগন্ত কলিতাৰ জীয়ৰীয়ে ...... বঁটা লাভ কৰিছে । তুমি হয়তো নাজানা যে তাইৰ দেউতাকে ২০ হাজাৰ টকাৰে গাঁৱলীয়া দুঃখিয়া ছোৱালীৰ পৰা কিনিছিল । পুৰস্কাৰ পোৱাৰ পিছত পুৰস্কাৰ টকা ৫০%কৈ ভাগ হৈছিল । মোৰ ছোৱালীয়ে পুৰস্কাৰ পালে মই তাতোকৈ বেছি সুবিধা তোমাক দিম । কাকত- আলোচনীত লিখি তুমি কবি হ'ব নোৱাৰা । তোমাৰ কিতাপো মই ছপাই দিম । ....
তেওঁৰ কথাত মই অধৰ্য হৈ উঠিলোঁ ।
- আজিলৈ যাওঁ নেকি !
- একো উত্তৰ নিদিলা যে ?
- নাই মই কবিতা বিক্ৰী কৰা ব্যক্তি নহওঁ । আৰু কবি হোৱাৰ মানসিকতাও নাই ।
- যোৱা বাৰু । কেতিয়াবা মানসিকতা সলনি হ'লে জনাবা ।

আৰু একো নকোৱাকৈ গুচি আহিলোঁ ।

দুমাহ পিছৰ ঘটনা-
এটা অচিনাকী নম্বৰৰ পৰা তিনি চাৰিটামান মিছকল । ফোন লগালোঁ
- হেল্লো
- হেল্লো, মই অনামিকাই কৈ আছোঁ ।
- কি খবৰ অনামিকা ?
- মোৰ খবৰ ভাল নহয় । তুমি গুৱাহাটীৰ পৰা কেতিয়া আহিবা ।
- এতিয়া আৰু নাযাওঁ । একেবাৰে দুৰ্গা পূজাৰ সময়ত যাম । পিছে তোমাৰ খবৰ বেয়া বুলি ক'লা যে ?
- মাৰ বেমাৰ, ডক্টৰক দেখুৱাইছোঁ । পিছে ডক্টৰে কৈছে ৫০ হাজাৰৰ তলত মাক ভাল কৰিব পৰা নাযাব ।
- অ', চাওচোন কিবা এটা কৰিব পাৰোঁ নেকি ! মই কাইলৈ সন্ধিয়া তোমাক ফোন কৰি জনাম ।

ঘটনাটো বেছি দীঘলিয়া কৰাৰ মন নাই । তাৰ পিছত ...... তাৰ পিছত আৰু কি কৰিম, এটা জীৱনতকৈ মোৰ ডেৰকুৰি কবিতা ডাঙৰ নহয় । ঠিকেই বুজিব পাৰিছে আপুনি । সেই ডেৰকুৰি কবিতা ৰিমলীক দি দিলোঁ । প্ৰথমে ৩০ হাজাৰৰ কথা কৈছিল যদিও মই ৫০ হাজাৰৰ কথা কলোঁ আৰু ৰিমলীৰ দেউতাকে হ'ব বুলি কৈ ঘৰৰ ভিতৰলৈ গ'ল আৰু নগদ ৫০ হাজাৰ টকা আনি দিলে । তাৰ পিছত ..... তাৰ পিছত নিজকে বিক্ৰী কৰি এটা মৰাশ হৈ পৰাৰ দৰে লাগিল । হাতত আৰু অন্য উপায় নাছিল । পিছত সেই টকাৰে অনামিকাৰ মাকৰ চিকিৎসা কৰা হ'ল । তাই ভাল হৈ উঠিল ।

অনামিকা কোন ? অনামিকা, তাইক এসময়ত ভাল লাগিছিল, হয়তো তাইৰ প্ৰেমত পৰিছিলোঁ, তাইয়ো কিজানি মোৰ প্ৰেমত পৰিছিল । কিন্তু কোনেও কাকো ক'ব পৰা নাছিলোঁ । তাৰ পিছত মই গুচি আহিলোঁ গুৱাহাটীলৈ । ইফালে অনামিকাৰ বিয়া হৈ যায় । ..... আৰে বাদ দিয়া সেইবিলাক পুৰণি কথা ।
অন্ততঃ অনামিকাৰ মাকৰ চিকিৎসা হৈ তাই যে সুস্থ হৈ উঠিল যে এইটোৱে ভাল কথা ।


একবছৰ পিছৰ কথা । আকৌ ৰিমলী বৰুৱা । বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত ৰিমলী বৰুৱা ।
নিউজ চেনেলৰ হেডলাইন ৰিমলী বৰুৱা । "সৰি পৰা জলকুঁৱৰী আৰু এবুকু মেঘ"ৰ বাবে ৰিমলী বৰুৱালৈ কাব্য কুঁৱৰী বঁটা । নগদ দুই লাখ টকা আৰু প্ৰসস্তি পত্ৰ ।

আকৌ ৰিমলীৰ দেউতাকৰ ফোন ।

গগেশগুৰীত ৰৈ আছোঁ । বুকুত এবুকু বিষাদ লৈ এটা চিগাৰেট জ্বলালোঁ । দুহোঁপামান দিছোঁ তেনেতে ৰিমলীয়ে মাত লগাল । গাড়ীত উঠিলোঁ । ৰিমলীয়ে নিজেই চলায় ।

- কি হে যং ব'য়, কি খবৰ ?
- আছোঁ দিয়ক ।
- এনেদৰে থাকিলেই নহ'ব নহয় । ৰিমলীৰ খবৰটো নিশ্চয় শুনিছাই । তুমিও কিবা এটা কৰা । নিজৰ প্ৰতিভা বিনষ্ট হ'বলৈ নিদিবা ।
- আপোনালোকেই দেখন প্ৰতিভা কিনা বেচা কৰে । (মনে মনে ভাবিলোঁ কিন্তু একো নক'লোঁ ।)
- তোমাৰো কিতাপ এখন ছপোৱা । খৰচ মই দিম । চিন্তা কৰিব নালাগে । আৰু তোমাৰ সেই থাৰ্ড ক্লাচ কম্পেনীত লেবাৰৰ কাম কৰাটো বন্ধ কৰি দিয়া । তাতে কাম কৰি তই কেইটকানো পোৱা । মই তোমাক তাতোকৈ ভাল জব এটা দিম ।

ৰিমলীৰ দেউতাই কৈ আছে, মই কাঠৰ টুকুৰাৰ দৰে স্থিৰ হৈ শুনি আছো, একো উত্তৰ দিয়া নাই ।

আৰু এটা কথা, ৰিমলীৰ বাবে আৰু ৩০টা কবিতা দিবা । এইবাৰ মই তোমাক টকা নিদিওঁ । তাতো ডাঙৰ কিবা এটাৰ কথা হে ভাবিছোঁ । তুমি তো জানাই ৰিমলীয়ে মোৰ একমাত্ৰ ছোৱালী আৰু ল'ৰাও নাই । তোমাৰ আপত্তি নাথাকিলে ৰিমলীক বিয়া পাতিব পাৰা । আৰু মই ভাবোঁ এই প্ৰস্তাব তুমি নাকচ কৰি নকৰিবা । ৰিমলীৰ লগতো মই কথা পাতিছোঁ ।
- আজিলৈ আহোঁ ।
- এটাও উত্তৰ নিদিলা যে !
- আজি বুধবাৰ । অহা দেওবাৰে আহি মই মোৰ মতামত জনাই যাম ।
- ছানডে মই ঘৰত নাথাকিম । পাৰ্টি এটা আছে । তুমি মানডে ইমনিঙত আহিবা ।
- ঠিক আছে বাৰু ।

দেওবাৰে ৰিমলীয়ে ফোন কৰি ৩ বজাত জুৰোডলৈ আহিবলৈ ক'লে ।

- পাপাই তোমাক মাতিছে ।
- তেখেতে দেখোন দেওবাৰে নথকাৰ কথা কৈছে । সোমবাৰেহে যাবলৈ কৈছে ।
- কিবা কাৰণত সিহঁতৰ প্ৰগেম কেনছেল হৈছে । ছ' এতিয়াই যাব লাগে ।
- ঠিক আছে বাৰু ।

ভিতৰলৈ মাতি নিলে । ৰিমলীক সুধিলোঁ- তোমাৰ মাক ঘৰত নাই নেকি ?
- মম আজি তাইৰ ফেইণ্ডচৰ লগত ওলাই গৈছে । তাতে পাৰ্টি কৰি ৰাতি আহিব ।
- ঠিক আছে বাৰু, তোমাৰ দেউতাক মাতি দিয়া ।
- ইমান অধৰ্য হৈছা কিয় হে । পাপা আজি ঘৰত নাই ।
- তেন্তে মোক মিছা কথা কৈ মাতি আনিলা যে ?
- পাপাৰ লগতহে কেবল কথা পাতিব পাৰা নেকি ? মোৰ লগত কথা পাতিব পৰা নাযায় নেকি ?
- ঠিক আছে কি কথা কোৱা ।
- আৰে বাবা তুমি ইমান অধৰ্য কিয় হে !

এনেদৰে কৈ তাই সুধিলে - কি খাবা কোৱা ?
- একো নাখাওঁ । কি কথা আছে তাকে কোৱা ।
- এক মিনিট ৰ'বা । এনেদৰে কৈ তাই আনটো কোঠালৈ গ'ল । মই ম'বাইলটো উলিয়াই ফেচবুক খুলিলোঁ । তাই আহি ঘপহকৈ দৰ্জাৰ লক লগাই দিলে । সেই শব্দ পাই মূৰটো তুলিলোঁ । পিন্ধনত সল্প বস্ত্ৰ । মই থতমত খাই গলো । তাই তীব্ৰবেগত আহি মোক বিছনালৈ গতিয়াই দি মোক হেঁচি ধৰি নিজৰ বিকিনি খুলি দিলে । মোৰ উশাহ বন্ধ হৈ যোৱাৰ দৰে অনুভৱ হ'ল ।

তেনেতে কলিং বেল বাজিল । ৰিমলীয়ে মোৰ ওঁঠত এটা কামুৰি দি দৰ্জা খুলি দিবলৈ কৈ সিটো কোঠালৈ গ'ল । দুৱাৰ খুলি দিলোঁ । তাইৰ বান্ধৱী ।
- মই ৰিমলীৰ বান্ধৱী শ্ৰেয়া । তাই ঘৰত আছে নে ?
- আছে । ভিতৰলৈ যাওক ।
- আপুনি ?
মই কোনো উত্তৰ নিদিয়াকৈ বাহিৰলৈ ওলাই দৰ্জাখন জঁপিয়াই দি তাৰ পৰা ভাগি আহিলোঁ । কোম্পেনীৰ দুমাহৰ দৰমহা এৰি সেই দিনাই ৰাতি তালি-টোপালী বান্ধি ৰেলত উঠি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ । ম'বাইলৰ ছিমকাটৰ্ডখন উলিয়াই ভাঙি দিলোঁ । তেতিয়াৰ পৰা আৰু মই গুৱাহাটীলৈ নাযাওঁ ।

তিনি বছৰ পিছত-

- হেল্লো
- কোন ?
- মই ৰিমলী ।
- কোন ৰিমলী ? কাক লাগে ।
- তুমি নাম্বাৰ চেইঞ্জ কৰি কি সাৰি যাব পাৰিছা বুলি ভাবিছা নেকি ? তোমাৰ ফেচবুক একাউণ্টত তোমাৰ এই নতুন নম্বৰটো পাই গ'লোঁ । আৰু তোমাৰ ঘৰৰ ঠিকনাটোও । অহা দেওবাৰে মই তোমাৰ ঘৰলৈ যাম ।

- মোৰ ঘৰলৈ আহি কি কৰিবা ?
- তোমাৰ হ'ম আকৌ !
- চোৱা, মই এতিয়া বিবাহিত আৰু মোৰ এজনী ছোৱালীয়ো আছে ।
- জানো মই । তথাপিও মই তোমাক নিজৰ কৰিহে এৰিম । আৰু পলাই লাভ নাই । এইবাৰ ডাইৰেক্ট তোমাৰ ঘৰলৈ যাম আৰু তুমি মোক বিয়া কৰাইছিলা বুলি ক'ম ।
- এইবিলাক কি আংবাং কথা কোৱা হে !
- মোৰ হাতত প্ৰমাণ আছে ।
- প্ৰমাণ !
- কিয়, সেইদিনা আমাৰ ঘৰত ৰূমৰ ভিতৰত যে তোমাক চুমা খাইছিলোঁ তাৰে ভিডিঅ ৰেকৰ্ডিং মোৰ লগত আছে ।

এনেদৰে কৈ তাই ফোন ৰাখিলে । ইতো কম ধুৰন্ধৰ আপী নহয় । মানে মোক এতিয়া ব্লেকমেইল কৰিব । কি কৰা যায় এতিয়া !

এনেদৰে ভাবোতে ভাবোতে দেওবাৰ আহি পালে । সঁচাকৈয়ে তাই যদি ঘৰলৈ আহি কিবা গণ্ডগল লগাই দিয়ে ।

এনে দৰে ভাবি আছোঁ । তেনেতে কাৰেণ্টটো আহিল । আৰ যি হয় হ'ব আৰু ! অলপ টিভিটোকে চাওঁ ।

BREAKING NEWS
প্ৰতিভাবান কবি ৰিমলী বৰুৱাৰ পথ দুৰ্ঘটনাত মৃত্যু ।

গল্পৰ সংজ্ঞা অনুসৰি গল্পৰ আৰম্ভনী আৰু পৰিসমাপ্তি আকস্মিক হ'ব লাগে । কিন্তু এয়া গল্প নহয়, যদিওবা গল্পৰ দৰে !

তাইৰ মৃত্যুৰ পিছত এনেদৰেই আৰু সাত মাহমান পাৰ হৈ গ'ল ।

- হেল্লো
- হেল্লো কোন ?
- মই ৰিমলীৰ পাপা । যি হ'ব লগা আছিল সেয়াতো হৈ গ'ল । এইবাৰ মই তোমাক এটা শেষ অনুৰোধ কৰিম । তুমি মোৰ কথাটো ৰাখিবা নে ?
- কি কথা ?
- মানে মোৰ জীয়ৰীৰ প্ৰথম মৃত্যু বাৰ্ষকীত এখন কবিতা পুথি ছপাম বুলি ভাবিছোঁ । তাই জীয়াই থকাৰ সময়তে লিখি থৈ যোৱা কবিতা ।
- ঠিক আছে । ভাল কথা ।
- কিন্তু তুমিতো জানাই । এয়া এটা ফৰ্মেলিটি হে । আচলতে কবিতা কেইটা তুমি দিব লাগিব । ইয়াৰ পিছত আৰু কেতিয়াও তোমাক আমনি নকৰিম । আৰু না বুলি নক'বা । মোৰ জীয়ৰীয়ে তোমাক খুব ভালপাইছিল । তাইৰ মৃত আত্মাৰ শপত । তুমি না বুলি নক'বা ।
- ঠিক আছে বাৰু । দুমাহ পিছত মই গৈ আপোনাক ডেৰকুৰি কবিতা দি আহিম ।

ණ কন্দৰ্পজিৎ কল্লোল