XtGem Forum catalog
K.Kallol 2014

মুখ্য পৃষ্ঠা

1505559 345435305595850 1849505362 n

"তুমি ভালপাওঁ বুলি
ক'লে মোৰ বুকুত
সাতটা শিয়ালে
হোৱা দিয়ে"
==============

পানীমেটেকাৰ তলত কাঁইট
ভৰিত খুঁচে
খুঁচে নে নুখুঁচে

খুঁচিলে বিষায়
তেজ নোলায়
নুখুঁচিলে নিবিষায়
তেজ ওলায়

তেজ মোৰ
বিলৰ পোণামাছ
জাকৈয়া ছোৱালীয়ে নুবুজা
শ্যামৰঙী ঢোৰাসাপ

উৰি আহি পৰে
তোমাৰ ছিগা চুলি
মোৰ ভাতৰ কাঁহিত

ভাত বিলাক
কজলাহৈ পৰে
তোমাৰ চুলিৰ ৰঙৰ দৰে

সেই ভাত খালে
বুকুলৈকে পানী
সেই ভাত নাখালে
ডিঙিলৈকে ঢোৰাসাপ

ঢোৰাসাপে মোৰ
কলিজাত লিখে
আই লাভ ইউ বুলি

কাৰণ তুমি
ঢোৰা সাপৰ দাঁতেৰে
মূৰ ফণিওৱা

তুমি ঢোৰা সাপৰ দাঁতেৰে
মূৰ ফণিওৱা বাবেই
তোমাৰ চুলি সৰে

চুলি সৰি উৰি আহি
ক'ত পৰে ?
ভাতত নে বাটত ?

ভাতত পৰিলে ভাতবিলাক বিলৰ বোকা,
বাটত পৰিলে মই
অবাটে যোৱা

কোন ফালে যাওঁ
সোঁফালে হিজলৰ পাত
বাওঁফালে ঢোৰাসাপৰ মাত

যেনিয়ে যাওঁ তেনিয়ে মাথোঁ
বিষাদৰ নিনাদ

তুমি ভালপোৱাৰ কথা কোৱা

কি ভালপোৱা
ক'ৰ ভালপোৱা
ভালপোৱাৰ ৰং কেনেকুৱা

মই এইবিলাক
একোকে নাজানো

তোমাৰ মূৰৰ চুলি
ভাতত পৰাৰ পৰাই
মই লঘোণে মৰা

তোমাৰ মূৰৰ চুলি
বাটত পৰাৰ পৰাই
মই অবাটে যোৱা

মই অন্ধ হ'ম
মই বধিৰ হ'ম
অনুগ্ৰহকৰি ভালপাওঁ বুলি নক'বা

কাৰণ তুমি ভালপাওঁ বুলি
ক'লে
মোৰ বুকুত
সাতটা শিয়ালে হোৱা দিয়ে

ණ কন্দর্পজিৎ কল্লোল