K.Kallol 2014

মুখ্য পৃষ্ঠা


• বিষয়: ধর্ম, জাতিভেদ ইত্যাদি (২) লগতে কেইটামান কাহিনী •

সময় ! সময়ত জাতিৰ ধর্মৰ নামত থকা ভেদাভেদ সলনি হ'বই । নগৰাঞ্চলত ভেদাভেদ কমিছে । গ্ৰাম্যাঞ্চলতো আগতকৈ কিছু কমিছে । সম্পূর্ণৰূপে ভেদাভেদ নহোৱা হ'বলৈ আৰু হয়তো ৩০ৰ পৰা ৫০ বছৰমান লাগিব । মই তিনিজনী মুছলমান ছোৱালীক ভালপাইছিলোঁ । এজনীক কেতিয়াও ক'ব পৰা নাছিলোঁ । এজনীক কৈছিলোঁ যদিও তাইৰ পক্ষে মোক ভালপোৱাটো সম্ভৱ নাছিল । মোক ভালদৰেই বুজাই কৈছিল । আন এজনী মুছলমান ছোৱালীয়ে মোক ভালপাইছিল । কিন্তু সমাজৰ এই বাধাৰ বাবেই কথাটো খুলি ক'ব পৰা নাছিল । এসময়ত মদ্যপান আমাৰ অঞ্চলত নিষিদ্ধ আছিল । আজি সেইটো নাই । গাহৰীৰ মাংস খোৱাৰ অপৰাধত দুজন ব্যক্তিক মন্দিৰত সুমাবলৈ নিদিছিল । এতিয়া ৫০% কলিতা মানুহে গাহৰী খায় । বজাৰত মুছলমানে হালাল কৰা ছাগলী খায় । আজিৰ পৰা প্ৰায় ৪০ বছৰ মান আগৰ দুটা ঘটনা আজি ক'ম । এটা হ'ল মোৰ আতাৰ । আতা মানে ককাদেউতা । মোৰ বাবাৰ (দেউতাৰ) কাকা (খুড়া) । মোৰ আতাহঁত ৫ ভাই আছিল ।৪ জন অশিক্ষিত বুলি ক'ব পাৰি । সৰুজন দশম শ্ৰেণীলৈকে পঢ়া । আমাৰ অঞ্চলত তেওঁ প্ৰথম মুর্গী/ কুকুৰাৰ মাংস খোৱা ব্যক্তি । তাৰ বাবে বামুণ মাতি প্ৰায়চিত্ত কৰাইছিল । তেওঁ তেতিয়া অলপ বলিয়া আছিল । প্ৰায়চিত্তৰ সময়ত বামুণক কৈছিল "এবাৰেই প্ৰায়চিত্ত কৰাব যেন পিছত আকৌ খাব পাৰোঁ" । এতিয়া আমাৰ অঞ্চলৰ ৯৯% কলিতা মানুহে কুকুৰাৰ মাংস খায় । অৱশেষত সম্পূর্ণৰূপে পগলাহৈ তেওঁ মৰি থাকিল । তেওঁ ইংৰাজীত পাকৈত আছিল । ফুটবল খেলত পাকৈত আছিল । দুভৰিতে আছিল যাদু । মানুহজন পগলা হোৱাৰ কাৰণ হ'ল- তেওঁ বৰপেটাত চাকৰী কৰিছিল । বাকী চাৰিজন ভাই কৃষক । তাতে প্ৰেমত পৰিলে এজনী ৰাজবংশী ছোৱালীৰ । সামাজিক বাধাৰ বাবে বিয়া কৰিব নোৱাৰি পগলা হ'ল । বর্তমান আমাৰ গাঁওত ৭/৮ জনী ৰাজবংশী নাৰী আছে । মই নিজেও ৰাজবংশী বিয়া কৰাইছোঁ । ঘটনা ২: আমাৰ ওচৰৰ গাঁওৰ এজন ব্যক্তি । সিয়ো বাহিৰত চাকৰি কৰিছিল । তাতে এজনী ছোৱালীক ভালপাইছিল । কলিতা ছোৱালী । তথাপিও এই অঞ্চলৰ কলিতা সমাজৰ মুখীয়াল জনৰ আদেশ মর্মে বিয়া পাতিব নোৱাৰিলে । তেওঁৰ ভাষ্য আছিল এয়া যে "আমি বৰকলিতা, সিহঁত সৰুকলিতা" । এতিয়া সেই মুখীয়াল ব্যক্তিজন নাই । থকাহ'লে খুব ভালপালোঁহেঁতেন । তেওঁৰ নাতি দেৱজিৎ মজুমদাৰ । অসমীয়া ছবি জগতৰ অভিনেতা । দেৱজিৎ মজুমদাৰে বিয়া পাতিছে মুছলমান ছোৱালীক । কেতিয়াবা গাঁওৰ ঘৰলৈও আহে । ডাঙৰ মানুহ হোৱা বাবে কোনেও একো ক'ব নোৱাৰে । আমাৰ দৰে সৰু মানুহ হোৱাহ'লে কথাটো বেলেগ দিশলৈ গ'লহেঁতেন । যিয়েই নহওঁক ৪০ বছৰ আগৰ সমাজখন এতিয়া নাই । এতিয়া আমাৰ কলিতা ল'ৰাই ৰাজবংশী, নাথ, বড়ো, ৰাভা, গাৰো, নেপালী আদি জাতিৰ ছোৱালীক বিয়া পাতিব পাৰে । কলিতা ছোৱালীও বিভিন্ন জাতিৰ ল'ৰাৰ লগত সামাজিক ভাবেই বিয়াহৈ আছে । মুছলমান বা খ্ৰীষ্টানৰ ক্ষেত্ৰত এতিয়াও গ্ৰাম্যাঞ্চলত নিষেধাজ্ঞা আছে । হয়তো ৪০/৫০ বছৰ পিছত এয়াও নহোৱা হ'ব ।

(বহুদিন আগতে "নষ্ট মহানায়ক" নামৰ লেখা এটাত এইবোৰ কথা লিখিছিলোঁ । কিন্তু ফেচবুকৰ সেইটো একাউণ্ট নষ্ট হোৱাত লেখাটো হেৰাই থাকিল । আৰু বহুকেইটা লেখা হেৰাইছে । সেয়ে এতিয়া ফেচবুকত কিবা এটা লিখিলে অলপ পিছতে সেইটো কপি কৰি মোৰ ৱেবছাইটত ৰাখি দিওঁ ।)

ණ কন্দর্পজিৎ কল্লোল

Insane