Disneyland 1972 Love the old s
K.Kallol 2014

মুখ্য পৃষ্ঠা


• অকবিতা :
অনুগ্ৰহ কৰি আপোনালোকে
TV নাচাব •

বাতৰি বিলাক
Adult Movie নহয়
বয়সৰ কোনো
সীমাবদ্ধতা নাথাকে
সকলোৱে চাব পাৰে
কিন্তু অনুগ্ৰহ কৰি আপোনালোকে
বাতৰি নাচাব

আপোনালোকৰ প্ৰিয়
Zee TVৰ
ছিৰিয়েলবিলাক
18+ নহয়
তথাপি নাচাব

18+ নহয়
ৰং চেনেলৰ
ধাৰাবাহিক
তথাপি
ভুলতো নাচাব

অনুগ্ৰহ কৰি আপোনালোকে
TV নাচাব
এনেকি বাতৰিও

কাৰণ তাৰ মাজতে
আহি যাব পাৰে
জৰুৰ কণ্ডোম,
কহিনুৰ কণ্ডোম
অথবা মালা ডি আদিৰ
বিজ্ঞাপন
যিবিলাক আপোনালোকে চাব নিবিচাৰে

আপোনালোকে
ফেচবুকৰ দৰে
TV অকলে নাচায়
সেয়ে অন্ততঃ
অনুগ্ৰহ কৰি আপোনালোকে
TV নাচাব

কাৰণ আপোনালোকৰ কথামতে
সিহঁতে বন্ধ নকৰে
আপুনি নিবিচৰা
বিজ্ঞাপন

বিঃদ্ৰঃ
আপোনালোকৰ
কথা মতে মই
ফটোৰে সৈতে
ৰহিম চাচাৰ চকুপানী
গল্পটো মচি দিলোঁ

মই আপোনালোকৰ
কথা ৰখাৰ দৰে
আপোনালোকে ৰাখিব পাৰিবনে
মোৰ এইষাৰ কথা
↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓
"অনুগ্ৰহ কৰি আপোনালোকে
TV নাচাব"

(হৃদয়ৰ অনুভৱখিনি
ব্যক্ত কৰিছোঁ ।
কথাটো অন্য
দিশলৈ লৈ বিতর্কৰ
সৃষ্টি নকৰিবলৈ
সকলোকে অনুৰোধ জনালোঁ...)

ණ কন্দর্পজিৎ কল্লোল