Polly po-cket
K.Kallol 2014

মুখ্য পৃষ্ঠা


আথানিকোঁৱৰ (২)
==============

বিৰিণাৰ আঁৰৰ পৰা
তাই
ৰাউচিজুৰি কান্দে

ওলাই গৈ দেখোঁ
একো নাই

আহি ঘৰত সোমাওঁ

অলপ পিছতে আকৌ
বিৰিণাৰ আঁৰৰ পৰা
ৰাউচিজুৰি কান্দে তাই

আকৌ ওলাই গৈ দেখোঁ
একো নাই

আকৌ আহি
ঘৰত সোমাওঁ

এনেদৰে
ওলোৱে সোমোৱা
কৰোতে কৰোতে
মই শূন্যতাৰ প্ৰেমত
পৰি যাওঁ

যিদিনাৰ পৰা মই
শূন্যতাৰ প্ৰেমত পৰিলোঁ
সিদিনাৰ পৰা তাই বিৰিণাৰ আঁৰৰ পৰা ৰাউচিজুৰি নাকান্দে !

যিদিনাৰ পৰা তাই
বিৰিণাৰ আঁৰৰ পৰা ৰাউচিজুৰি নাকান্দে
সিদিনাৰ পৰা মই
আথানিকোঁৱৰ হ'লোঁ

যিদিনাৰ পৰা মই
আথানিকোঁৱৰ হ'লোঁ
সিদিনাৰ পৰা মই
জলকুঁৱৰীৰ প্ৰেমত পৰিলোঁ

যিদিনা মই
জলকুঁৱৰীৰ
প্ৰেমত পৰিলোঁ
সিদিনা মোক বিৰিণাকুঁৱৰীয়ে
অভিশাপ দিলে

জলকুঁৱৰী পলাই গ'ল
জলকোঁৱৰৰ স'তে

অভিশাপ খণ্ডন নহয়
কান্দিলেও অতীত কেতিয়াও
বর্তমান নহয়
সেয়ে বিৰিণাকুঁৱৰীয়ে
শুভ্ৰ সাজ পিন্ধি
স্বইচ্ছাই বিধৱা হ'ল
আৰু বিদায় জনালে
আথানিকোঁৱৰক

অভিশপ্ত আথানিকোঁৱৰ
মৰাপাট হ'লোঁ
তেতিয়াৰে পৰা তিৰোতাবোৰে
মোৰ বুকুৰ পাটশলাৰে
জুহালত জুই লগায় !

(১১/০১/১৪)

ණ কন্দর্পজিৎ কল্লোল