Polaroid
K.Kallol 2014

মুখ্য পৃষ্ঠা


আথানিকোঁৱৰ (৩)
==============

যিদিনাৰ পৰা তিৰোতাবোৰে
মোৰ বুকুৰ পাটশলাৰে জুই লগায়
সিদিনাৰ পৰা মই
পুৰি পুৰি ছাই

এদিন বিৰিণাকুঁৱৰীয়ে ছাইবোৰ টোমত ভৰাই উটিয়াই দিলে নৈত

উটি গৈ গৈ পালোঁ
জলকুঁৱৰীৰ ঘৰ

জলকোঁৱৰৰ মৃত্যুৰ পিছত
শুভ্ৰ সাজত চুলি মেলি জলকুঁৱৰী

জলকুঁৱৰীক দেখি
উজাই গৈ তাইৰ
কাষত ৰৈ গ'লোঁ

তাই দুহাত মেলি
টোমৰ পৰা ছাইখিনি উলিয়াই
উৰুৱাই দিলে বতাহত

বতাহত উৰি গৈ গৈ
ল'গ পালোঁ
বিৰিণাকুঁৱৰীক

আজীৱন তোমাৰ হৈ থাকিম বুলি
বিৰিণাকুঁৱৰীক
কথা দিলোঁ

বিৰিণাকুঁৱৰীয়ে মোক সাবটি ধৰি
শুভ্ৰ চুলি মেলি
হুক্-হুকাই
কান্দি উঠিলে

সিদিনাৰ পৰা
আকাশখন
ছাইবৰণীয়া

সিদিনাৰ পৰা চকুপানীবোৰ
ছাইবৰণীয়া
আকাশৰ পৰা
সৰি পৰা
বৰষুণৰ টোপালৰ দৰে
পনীয়া

সিদিনাৰ পৰা
ৰাতি ৰাতি
দোভাগ ৰাতি
ৰৈ ৰৈ জলকুঁৱৰীয়ে উচুপে

সিদিনাৰ পৰা
শুভ্ৰ চুলি মেলি
বিৰিণাকুঁৱৰীয়ে
মোলৈ ৰৈ থাকে

সিদিনাৰ পৰা মই নিৰুদ্দেশ

নহ'লে মই কাৰ হ'ম,
কাৰ ?
ইফালে জলকুঁৱৰী
সিফালে বিৰিণাকুঁৱৰী

তেতিয়াৰ পৰাই মই
বতাহত ওঁপঙি ফুৰা
আথানিকোঁৱৰ !

ණ কন্দর্পজিৎ কল্লোল