XtGem Forum catalog
K.Kallol 2014

মুখ্য পৃষ্ঠা

K.K. 51

"একশৰণ ধর্ম, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু বর্তমান সমাজ"
===============
ණ কন্দর্পজিৎ কল্লোল

মহাপুৰুষ শঙ্কৰদেৱে প্ৰচাৰ কৰা ধর্ম নির্গুণা ভক্তি সম্পন্ন ধর্ম । এই ধর্মত
কোনো কামনা বাসনা । আন কিছুমান ধর্মৰ দৰে নিজৰ মনোবাঞ্চা পূৰণৰ অর্থে জীৱ বলি দিয়াৰ
দৰে কুসংস্কাৰ একশৰণ ধর্মত নাই । চতুর্দশ শতিকাত অসমীয়া সমাজখন কুসংস্কাৰত ডুব গৈ আছিল । শঙ্কৰদেৱে তেতিয়াৰ অন্ধবিশ্বাসী সমাজ খনৰ লগত যুঁজ কৰি ধর্ম প্ৰতিষ্ঠা কৰোতে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল ।

তেখেতে প্ৰচাৰ কৰা ধর্ম নির্গুণ ভক্তিসম্পন্ন । অন্ধবিশ্বাস মুক্ত ।
"ভগৱন্তত যিজনে কোনো প্ৰকাৰ ফল কামনা নকৰি ভেদভাৱ ত্যাগ কৰি নামাপৰাধ শূন্য হৈ ভক্তি আচৰে, সেই ভক্তিকে নির্গুণা ভক্তি বোলা হয় ।" একশৰণ ধর্মৰ মূল কথা হ'ল-
"অন্য দেৱী দেৱ ___ নকৰিবা সেৱ/
নাখাইবা প্ৰসাদ তাৰ । /
মূর্ত্তিকো নচাইবা ___
গৃহো নপশিবা/
ভক্তি হৈব ব্যভিচাৰ ॥ (ভাগৱত,
দ্বিতীয় স্কন্ধ) ।

দ্বিতীয়তে শঙ্কৰদেৱে আনৰ ধর্মক নিন্দা কৰিবলৈ দিয়া নাই । নিজ ধর্ম একান্ত মনেৰে পালন কৰিবলৈহে কৈছে । এনে উদাৰ ধর্মপ্ৰচাৰক খুব
কমেই আছে । ডাঃ ৰাধাকৃষ্ণণেও কৈছে-
"Not the so-called gods, but true
living God, the Atman has to be worshipped. God's dwelling place is
the heart of man (Indian Philosophy, Vol. 1, page 146) । ভাৰতৰ
প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দার্শনিক ডাঃ সর্ব্বপল্লি ৰাধাকৃষ্ণণে শঙ্কৰদেৱ
সম্পর্কে কৈছে যে- "In Assam Sankara Deva was an apostle of Vaisnavism
who taught the worship of Sri Krishna, denounced idolatry, sacrificial
diety and caste structure of society." (Foreword to Nam-Ghosa, by H.M.
Das).

বৈষ্ণৱ ধর্মৰ মূল শ্লোকটো হ'ল- "যথা তৰোমূলনিষেচন" অর্থাৎ গছৰগুৰিত পানী নিদি পাতত বা ডালত পানী দিয়াটো যিদৰে অর্থহীন,ক্ষুধাতুৰক খাদ্য খাবলৈ নিদি অঙ্গ-প্ৰত্যঙ্গতলেপনকৰি দিয়াটো যেনেকৈ বলিয়ালি, ঠিকতেনেকৈ বিষ্ণুক উপাসনা নকৰি বা বিষুক উপাসনা কৰাৰ পিছতো অন্য দেৱ-দেৱীক পূজা কৰাটো তেনে নিৰর্থক আৰু বলিয়ালি । নানা দেৱ-দেৱীৰ উপাসনা কৰা কথাটোক উপনিষদেও সমর্থন কৰা নাই । ডাঃ শকুন্তলা শাস্ত্ৰীয়ে কৈছে-"There are thirteen Upanishadathat are important andrepresent themonothesistic thought ofIndia." (Bhavan's Jarnal, August 24, 1958)

যিয়ে ব্ৰহ্মত্ব জ্ঞান আহৰণ কৰিব পাৰে সিয়েহে প্ৰকৃত ব্ৰাহ্মণ ।জাতিগত ভাবে বামুণ হ'লেই ব্ৰাহ্মণ হ'বনোৱাৰে । কিয়নো জন্মতে কোনেও ব্ৰহ্মত্ব জ্ঞান অর্জন কৰি জন্মগ্ৰহণ নকৰে । এইক্ষেত্ৰত সাধু সুনন্দ দাসৰ এটা উক্তি ক'ব বিচাৰোঁ । তেখেতৰ মতে-
"দীপক জোয়ৌ বিপ্ৰঘৰ,
পুনি জোয়ৌ চাণ্ডাল
সুন্দৰ দোউ সদনকৌ,
তিমিৰ গয়ো তৎকাল ।"
অর্থাৎ- এটা দীপক জ্বলোৱা হ'ল এজন ব্ৰাহ্মণৰ ঘৰত আৰু আন এটা দীপক জ্বলোৱা হ'ল এজন চাণ্ডালৰ ঘৰত । দুয়োটা দীপকে ব্ৰাহ্মণ আৰু চাণ্ডালৰ ঘৰত অন্ধকাৰ সমানে দূৰ কৰিব ।

কিন্তু আজিৰ সমাজত শিক্ষিতৰ সংখ্যা বাঢ়িছে যদিও প্ৰকৃত শিক্ষিতৰ সংখ্যা নগন্য বুলি ভাবোঁ । আচলশিক্ষা হৃদয়তহে থাকে । প্ৰকৃত জ্ঞানেৰে শিক্ষিত হোৱা ব্যক্তিৰ সংখ্যা কম বাবেই আজিৰ যুগত হিংসাত্মক কার্যকলাপ বেছিকৈ দেখিবলৈ পোৱা যায় । বাতৰি কাকত মেলিলেই প্ৰথমে হত্যাৰ বাতৰি । নিউজ চেনেল খুলিলেই হত্যা, ধর্ষণ, অসামাজিক কামৰ বাতৰি ।

একশৰণ ধর্ম এনে এটা ধর্ম যিটো জাতি বর্ণ নির্ব্বিশেষে সকলো মনুষ্যই গ্ৰহণ কৰিব পাৰে । অর্থাৎ মানৱতাবাদী ধর্ম । বহুতেই কয় যে ধর্মৰ লগত বিজ্ঞানৰ সম্পর্ক নাই । কিন্তু এয়া প্ৰকৃততে সঁচা কথা নহয় । ন্যায়শাস্ত্ৰত আছে- "জ্ঞানবিয়বং জ্ঞানম্ অনুভৱঃ । অর্থাৎ- কোনো এটা জ্ঞান বাহিৰৰ পৰা পোৱাৰ পিছত সেই জ্ঞানটোক বিষয়কৰি অন্তৰতে আৰু এটা জ্ঞান তদনুৰূপে অনুভূতি কৰাকে বিজ্ঞান বোলা হয় । একশৰণ ধর্মমতে প্ৰাণী হিংসা আৰু জীৱহত্যা মহাপাপ । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কৈছে: "কুক্কুৰ, শৃগাল, গর্দভৰো আত্মাৰাম। / জানিয়া সবাকো কৰিবা প্ৰণাম ।" একশৰণ ভাগৱতী ধর্মৰ মতে নৰহত্যা জঘন্য অপৰাধ ।এতিয়া প্ৰশ্ন আহি পৰে যে আপোনাক যদি কোনোবাই আক্ৰমণ কৰিবলৈ আহে তেতিয়া আপুনি গা পাতি দিব নেকি ? নাইবা বিদেশীয়ে আমাৰ দেশক আক্ৰমণ কৰিলে আমি হাত সাবটি বহি থাকিম জানো ?
এইক্ষেত্ৰত ধর্মই কৈছে যে আততায়ী ব্যক্তিক হত্যা কৰাত পাপ নাই । অর্জুনে যেতিয়া কুৰক্ষেত্ৰৰ যুদ্ধ বর্জন কৰিব বিচাৰিছিল তেতিয়া শ্ৰীকৃষই কৈছিল যে আততায়ীক বোধ কৰাত একো পাপ নাই । এতিয়া প্ৰশ্ন হয় আততায়ী কোন ? ধর্মীয় শাস্ত্ৰ মতে আততায়ী ছবিধ -
(১) যিজনে ঘৰত জুই দিবলৈ আহে বা জুই দিয়ে ।
(২) যিজনে খাদ্যাদিত বিষ আদি দিব'লৈ আহে বা মিহলি কৰি দিয়ে ।
(৩) যিজনে হাতত অস্ত্ৰলৈ আক্ৰমণ কৰিবলৈ খেদি আহে ।
(৪)যিজনে সঞ্চিত ধন হৰণ কৰিবলৈ আহে বা আনৰ ধন চুৰ কৰে ।
(৫)যিজনে খেতি বা মাটি বলেৰে নিব'লৈ আহে বা নিয়ে । আৰু
(৬) যিজনে পত্নীহৰণ কৰিবলৈ আহে বা হৰণ কৰি লৈ যায় ।

শ্ৰীকৃষ্ণই অর্জুনক কৈছে "যো নহৃষ্যতি ন দ্বেষ্টি ন শোচতি নকাঙ্ক্ষতি । শুভাশুভপৰিত্যাগী ভক্তিমান্ যঃ সমে প্ৰিয়ঃ ॥" অর্থাৎ - যি কেতিয়াও হর্ষিত নহয়, যিয়ে কেতিয়াও দ্বেষ (হিংসা) নকৰে, কেতিয়াও শোক নকৰে, যাৰ কামনা-বাসনা নাই, তথা যিয়ে শুভ-অশুভ সকলো কর্মত্যাগ কৰিছে, সেই ভক্তিমানজন মোৰ প্ৰিয় ॥ (শ্ৰীমদ্ভগৱদগীতা, অধ্যায় ১২,শ্লোক নং ১৭) ॥

বর্তমান অসমীয়া সমাজৰ বহুত অভিযাত্য পৰিয়ালে শঙ্কৰদেৱ প্ৰচাৰিত মহান ধর্মলৈ দৃষ্টি নিদি খ্ৰীষ্টান ধর্মগ্ৰহণ কৰা দেখা যায় । এইক্ষেত্ৰত ক'ব পাৰি যে- "শ্ৰেয়ানস্বধর্মো ৱিগুণঃ পৰধর্মাৎস্বনুষ্ঠিতাৎ । স্বভাৱনিয়তং কর্মকুর্ৱন্নাপ্নোতি কিল্বিষম্ ॥" অর্থাৎ- কুশলতাৰে অনুষ্ঠিত আনৰ ধর্মতকৈ গুণৰহিত হৈও নিজৰ ধর্ম শ্ৰেষ্ঠ, কাৰণ নিজৰ স্বভাৱ অনুযায়ী নির্ধাৰিত স্বধর্ম ৰূপ কর্তব্য কৰি থকা মনুষ্যৰ কেতিয়াও পাপ নহয় ॥ (শ্ৰীমদ্ভগৱদগীতা, অধ্যায় ১৮, শ্লোক নং ৪৭) ॥

শ্ৰীকৃষ্ণই অর্জুনক কৈছে- "সহজং কর্ম কৌন্তেয় সদোষমপি নত্যজেৎ । সর্ৱাৰম্ভা হি দোষেণ ধূমেনাগ্নিৰিৱাবৃতাঃ ॥" অর্থাৎ-- গতিকে, হে কুন্তীপুত্ৰ ! দোষযুক্ত হ'লেও স্বভাৱজ কর্ম কেতিয়াও ত্যাগ কৰিব নালাগে । কাৰণ, জুইত ধোঁৱা থকাৰ দৰে কর্মত কিবা নহয়কিবা দোষ থাকিবই ॥ (শ্ৰীমদ্ভগৱদগীতা, অধ্যায় ১৮, শ্লোক নং ৪৮) ॥
শ্ৰীমদ্ভগৱদগীতাৰ প্ৰতিটো কথাই গুৰুত্বপূর্ণ । সেয়ে শ্ৰীমদ্ভগৱদগীতাঅধ্যায়ণ কৰাটো অতি প্ৰয়োজনীয় ।

মাধৱকন্দলিৰ ৰামায়ণৰ আদি আৰু উত্তৰা কাণ্ড বিলুপ্ত হোৱাত শঙ্কৰদেৱৰ কথামতে মাধৱদেৱে আদি কাণ্ড অনুবাদ কৰে । শঙ্কৰদেৱে নিজে উত্তৰা কণ্ড অনুবাদ কৰে । মাধৱকন্দলী ৰচিত ৰামায়ণখনে আর্য্য গোষ্ঠীৰ ভাষাৰ ভিতৰত প্ৰথম অনূদিত ৰামায়ণ । অসমীয়া ৰামায়ণ ৰচনাৰ প্ৰায় ১৫০ বছৰ পিছতহে বাংলা কবি কৃত্তিবাসে বাংলালৈ অনুবাদ কৰে । কিন্তু দুর্ভাগ্যৰ বিষয় এয়া যে একবিংশ শতিকাত আমি বাংলা ভাষাত কৈ পিছপৰি আছোঁ । লগতে আন এটা দুখৰ কথা এয়া যে যিজন মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱে আমাক ধর্ম, সাহিত্য, সংস্কৃতি আদি সকলো দি গ'ল সেইজন মহাপুৰুষৰ সৃষ্টি "বৃন্দাবনী বস্ত্ৰ" খন আমি লণ্ডনৰ পৰা ঘূৰাই আনিব নোৱাৰিলোঁ । চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ নলোৱাটো অতি পৰিতাপৰ বিষয় ।

শেষত যুৱচামক কওঁ যে শঙ্কৰদেৱ, মাধৱদেৱ আদি বৈষ্ণৱ পণ্ডিতসমূহে লিখা বৈষ্ণৱ সাহিত্য পঢ়ক । আৰু আশা কৰোঁ তেতিয়া যুৱ উচ্ছৃঙ্খলতা, হত্যা, ধর্ষণ আদিৰ দৰে অপকর্মৰ পৰা অসমীয়া সমাজ দূৰত থাকিব পাৰিব । অন্যথায় পাশ্চাত্য সংস্কৃতিয়ে আমাৰ বিনাশ ঘটাব । পাশ্চাত্য সংস্কৃতি গ্ৰহণ কৰিলে আমি এদিন নিজৰ অস্তিত্ব হেৰুৱাই পেলাব লাগিব ।

বিঃদ্ৰঃ - প্ৰৱন্ধটোত কিবা ভুলৰৈ গ'লে আপোনালোকে নিজগুণে ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ । লগতে জনাওঁযে এই লেখাটো লিখিবলৈ অনুপ্ৰাণিত কৰিছে ৰাজ ৰিংকুল মণি কোঁৱৰ আৰু তেওঁৰ দেউতাকে । ৰাজলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ । তথা ৰাজৰ দেউতাকলৈ, পাঠক সমাজলৈ আৰু ঈশ্বৰলৈ মহাপুৰুষ মাধৱদেৱ বিৰচিত
"নাম-ঘোষা"ৰ ৭১নং ঘোষাটোৰে সেৱা জনাই লেখাটোৰ সামৰণি মাৰিলোঁ--
"অপৰাধ বিনাশন
তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণে ।
আন গতি নাহিকে মৰণে ।
অপৰাধ ক্ষমা কৰি
তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে ॥"

সহায়ক গ্ৰন্থ:-
==========
১। অসমৰ বৈষ্ণৱ দর্শনৰ স্বর্ণৰেখা - সোণাৰাম চুতীয়া ।
২। একশৰণ ভাগৱতী ধর্ম্ম - ভুৱনচন্দ্ৰ ভূঞাঁ ।
৩। শ্ৰীমদ্ভগৱদগীতা- গীতা প্ৰেছ ।
৪। নাম-ঘোষা - মহাপুৰুষ মাধৱদেৱ-বিৰচিত,শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘ ।

("ভক্তি নিজৰা"ত প্ৰকাশিত)