XtGem Forum catalog
K.Kallol 2014

মুখ্য পৃষ্ঠা

বহুদিনৰ পৰা মই কবিতা লিখা নাই । কাৰণ কবিতা লিখিবলৈ মোৰ হাতত একো সমল নাই । বিষাদৰ লগত থাকি থাকি এতিয়া দুখবোৰ শিলৰ প্ৰতিমূৰ্তি । অশ্ৰুবোৰ সৰি সৰি সম্প্ৰতি মই অশ্ৰুহীন । সেয়ে লিখিব নোৱাৰোঁ দুখৰ কবিতা । স্মৃতিবোৰ আৰু আবেগবিলাক বাকি বাকি সম্প্ৰতি মই পাথৰৰ দৰে কঠিন । লিখিব নোৱাৰোঁ আৰু পাৰহৈ যোৱা দিনৰ দুখ-সুখৰ মালিতা । প্ৰেমত পৰি পৰি সম্প্ৰতি মই প্ৰেমহীনতাৰ সাগৰত নাও মেলি দিওঁ । আৰু কেনেকৈনো লিখিম প্ৰেমৰ কবিতা । পৃথিৱীখন এতিয়া ধোঁৱাৰে ভৰা । সেয়ে লিখিব নোৱাৰোঁ প্ৰকৃতিকলৈ কবিতা । যিখন দেশত প্ৰতিদিনেই ভূলুণ্ঠিত হয় সাধাৰণ নাগৰিক সেইখন দেশত কেনেকৈনো লিখিম স্বদেশপ্ৰেমৰ কবিতা ! ৰিক্ত মোৰ কবিতাৰ দুহাত । মৃত্যুউপত্যকাত সম্প্ৰতি মোৰ অনিৰ্দিষ্টকালীন কাৰাৱাস ।