K.Kallol 2014

মুখ্য পৃষ্ঠা

যেতিয়া মই
বুঢ়া আঙুলী কাটি দিওঁ
===============

যেতিয়া মই বুঢ়া আঙুলী কাটি দিওঁ,
বহু গুণ প্ৰখৰ হৈ যায় মোৰ ধনুৰ্বিদ্যা ।
সংযোজন,
আছিল আকৰ্ষণ,
নিক্ষেপৰ ভাবে
তূৰ্ণীৰ, গুণ, তিৰ, হাত, একোই
আৱশ্যক নাথাকে ।
নগৰৰ বাহিৰত থাকে ডোমনী-
সঁচাই জানো তাই তোমাৰ ?
মোৰ নহ'ব ?

নগৰলৈ মই নাযাওঁ ।
মই গ'লে নগৰ শংকিত হয়
প্ৰতিপলে প্ৰতিটো ইটা কঁপি উঠে
কঁপি উঠে ৰাজসজ্জা আৰু মুকুট
লজ্জিত হয় সুৱৰ্ণ আলোক।
মই নগৰলৈ নাযাওঁ ।
আঁটিৰ ভিতৰত আঁটি,
গুহাৰ ভিতৰত গুহাৰ দৰে অৰণ্য নিবাসী
গহন অন্ধকাৰ হৈ ।

যি নগৰ বহিৰ্ভূত
সেয়া জানো অৰণ্য বহিৰ্গত ?
নগৰ আৰু অৰণ্যৰ মাজত নাই-
নাই ৰাজ্য
নাই-নাই
ৰাজ্যত থাকে হাঁ-হাঁকৈ ডোমনী
ডোমনীতো ডোমনী
তাই নহয় কাৰো !

তুমি আহিছিলা পৰিধিলৈ,
গুচি গ'লা মহকুমালৈ;
এই অৰণ্য মোৰ,
নগৰলৈ মই নাযাওঁ,
মই ইয়াতেই আছোঁ,
ময়েই অৰণ্য
নিকাঞ্চন ঘনঘোৰ হৰিৎ বৰ্ণ ।

বিজিগীষা নে আশংকা:
জানো তোমাক এনেদৰে কেঁকুৰি পেলায় বাৰে বাৰে ?
জানো,
মাটিৰ শৰে শুৱাই দিলে তোমালোক সকলোৱে মাটিহৈ যাবা
সযাদৱ কৌৰৱ-পাণ্ডৱ
মোৰ কি হ'ব
ইমান মূৰ্তি ইমান আচবাব ?

জানো,
মাটিৰ দ্ৰোণ মোৰ মৃণ্ময়
ৰূপতেই পূজনীয় ।
তথাপিও
বুঢ়া আঙুলী কাঁটি দিবলগা হয়
মোক
গুৰুদক্ষিণাৰ বাহানাত,
বাৰে বাৰে মাটি সলাই থকা
ৰক্ত মাংসৰ দ্ৰোণক
ক্ষৰিত মোৰ তেজেৰে চকুদান কৰি
সঞ্জীৱিত কৰোঁ মই প্ৰতিবাৰে ।

যেতিয়া মই বুঢ়া আঙুলী কাটি দিওঁ,
নগৰ আৰু অৰণ্যৰ মাজত
নাই-
নাই ৰাজ্যৰ মায়াবিনী ডোমনী
কেৱল মিচিকিয়াই হাঁহে !

মূল: ৰাজেন্দ্ৰ কিশোৰ পণ্ডা (ওড়িয়া)
অনুবাদ: কন্দৰ্পজিৎ কল্লোল

Old school Easter eggs.