Old school Easter eggs.
K.Kallol 2014

মুখ্য পৃষ্ঠা

nak

নিৰুদ্দেশযাত্ৰাৰ
অন্তিম কবিতা
==========

(১)

আজিৰ পৰা একো নকওঁ
কেৱল শুনিম
শুনি শুনি আত্মস্থ কৰিম
জীৱনৰ কুঁহিপাত

আজিৰ পৰা একো নিলিখোঁ
কেৱল পঢ়িম
পঢ়ি পঢ়ি উশাহ ল'ম
হাঁহিম, কান্দিম,
উন্মাদ হ'ম
আৰু অকলে অকলে
চকুলোঁ টুকিম

আজিৰ পৰা জীৱনৰ ৰংবোৰেৰে
ছবি নাআঁকিম
কেৱল বন্ধ কোঠাত অন্ধহৈ অনুবাদ কৰিম বুকুৰ বিষাদ
লিখি যাম নষ্ট ৰাতিৰ
নিষিদ্ধ আলাপ

(২)

কামিহাঁড় ভাঙিল
মই দুটুকুৰা হ'লোঁ
এটুকুৰা এন্ধাৰত
এটুকুৰা পোহৰত

পোহৰত পোনা মাছ জঁপিয়ায়
এন্ধাৰত ঢোৰা সাপে ফচফচায়

(৩)

হিজলজোপাত ওলমিব নোৱাৰিলোঁ
অন্ধ হ'লোঁ, বোবা হ'লোঁ,
বধিৰ হ'লোঁ

সাৰে ৰ'ল মাথোঁ
স্মৃতিৰ ঢৌ

(৪)

গোপনে গোপনে পালোঁ তোৰ
পানীতোলা ঘাট
পানীৰ স্ৰোতত ডুবাই দিলোঁ
হাত
হাতত এয়া মাছ নে সাপ !

(৫)

"কান্দে ৰজা জন্মেজয় অ'"

জন্মেজয় কান্দে নে নাকান্দে

কান্দিলে মেঘবোৰ বৰষুণ
নাকান্দিলে বৰষুণবিলাক মেঘ !

(৬)

আকাশখন নীলা হওক
পাতবোৰ সেউজীয়া
শিশুৰ হাঁহিত সৰিপৰক
বেলিফুল ৰাতিপুৱা

(৭)

হৃদয়ৰ দুখ, যন্ত্ৰণা,
বিষাদ, অশ্ৰু
এইবোৰ লুকুৱাই ৰাখিব পৰাটোও এটা কলা !

(৮)

কুকুৰ ভুঁকে
শিয়ালে হোৱা দিয়ে
কাউৰীয়ে কাঁ কাঁ কৰে

এজন নষ্ট অকবি
নিৰুদ্দেশ হৈ যায় ......

ණ কন্দৰ্পজিৎ কল্লোল