K.Kallol 2014

মুখ্য পৃষ্ঠা


• সৰি পৰা এটা গিলাচ •
================

সৰি পৰা এটা গিলাচ
টুকুৰা টুকুৰি কাঁচ
আৰু নতুন বছৰ

কথাবোৰ মই নিজেই নুবুজোঁ
আৰু তোমাক নো কি
বুজাম

কুঁৱলীৰ আঁৰত লুকাই থকা মোৰ অতীত
নিয়ৰৰ টোপালবোৰত মিহলি হৈ যোৱা দুটোপাল চকুলো
আৰু তোমাৰ চকুৰ কাজল

কথাবোৰ এন্ধাৰকো ক'ব পৰা নাই
আৰু তোমাক নো কি ক'ম

নৈখনে উচুপে
জলকুঁৱৰীয়ে কাপোৰ সলায়
আথানি কোঁৱৰে
ভেবা লাগি চাই ৰ'য়

বৰশীত যদি মাছৰ সলনি সাপ ধৰে
সাপে যদি মোক দংশন কৰে
সেয়া যদি ঢোৰা সাপ হয়

কথাবিলাক কালিঘুঁকিৰ ডিঙিৰ
কৰুণ কান্দোন
কথাবিলাক হিজল পাতৰ পৰা সৰা
নিয়ৰৰ টোপাল

এদিন হিজলজোপাৰ তলত বহি
তোমালৈ চিঠি লিখিছিলোঁ

আমাৰ তেজে কেতিয়াও নিলিখিব প্ৰেমৰ পত্ৰ
য'ত লাগি থকা
ৰং বিলাক
চেলেকি খাওঁ

দিনবোৰ কঠিন হ'ব
নেটত আৱদ্ধ হ'ব
নিষিদ্ধ ৰাতিৰ আলাপ

কথাবোৰ মৰা শগুণৰ নিনাদ
মই নিজেই নুবুজোঁ
আৰু তোমাক নো কি বুজাম !

ණ কন্দর্পজিৎ কল্লোল

(01/01/14)

XtGem Forum catalog